Krisna Kanda Handiqui: Life and Works
ইংৰাজীত ৰচনা কৰা ২৮৮ পৃষ্ঠাৰ গ্ৰন্থখনত বিশ্ববিশ্ৰুত সংস্কৃত পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জীৱন আৰু কৰ্মৰাজিৰ এক নিৰ্মোহ মূল্যায়ন পোৱা যায়। থেছিছৰ নিয়ম অনুসৰণ কৰি লিখা গ্ৰন্থখনত পাতনিৰ পিছতে সন্দিকৈৰ বিষয়ে লিখা কিতাপ, স্মৃতিৰচনা, চিন্তাশীল প্রৱন্ধ সান্নিধ্যৰ অনুভৱ আদি ২৭টা উৎসৰ প্রতিটোৰে বিষয়বস্তুৰ পৰিচয় দিছে ইতিপূৰ্বে প্ৰকাশিত আব্দুছ ছাণ্ডাৰ আৰু অহল্যা গগৈৰ গ্ৰন্থখনৰ বিষয় আৰু গঠনৰ তুলনামূলক অধ্যয়ন আগবঢ়াইছে।
প্রথম অধ্যায়ত কৃষ্ণকান্ত সন্দিকৈ জন্ম আৰু কৰ্মৰ পটভূমি সামাজিক আৰু ৰাজনৈতিক পটভূমি, বংশ ৰাজনৈতিক পটভূমি, বংশ পৰিচয়, জন্ম শিক্ষা, ইউৰোপৰ বিভিন্ন ঠাইত উচ্চশিক্ষা আৰু ভাষা শিক্ষা দ্বিতীয় অধ্যায়ত সন্দিকৈৰ ভাৰতলৈ প্রত্যৱৰ্ত্তন দেউতাক ৰাধাকান্ত সন্দিকৈৰ চাহ বাগিছাত যোগদান যোৰহাট কলেজ পিছলৈ জে.বি কলেজৰ অধ্যক্ষ, গৌহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য উত্তৰ-পূব ভাৰতত উচ্চ শিক্ষাৰ প্ৰসাৰত অৱদান, তৃতীয় অধ্যায়ত কৃষ্ণকান্ত সন্দিকৈৰ গ্ৰন্থকেইখন আৰু প্রৱন্ধসমূহৰ গাইগুটীয়া পৰিচয়, চতুৰ্থ অধ্যায়ত সন্দিকৈৰ পাণ্ডিত্যৰ মূল্যায়ণ অনুবাদক সাহিত্য আৰু কলা সমালোচক পাঠ-সমীক্ষক, আভিধানিক জ্ঞান, গ্ৰন্থখনৰ আংগিক আৰু বিষয়সূচী প্রায় একে। ইংৰাজী গ্ৰন্থখন সংযোগ কৰা দুই/তিনিটা বিষয় ইয়াত বাদ দিয়া হৈছে। প্রক্তাবনাত কোৱা হৈছে যে ইংৰাজী গ্ৰন্থখনত জ্ঞাতে অজ্ঞাতে ৰৈ যোৱা দুই এটা ভূল আঁতৰাই আৰু ছাত্ৰ-গৱেষক, সুহৃদ সহপাঠী আৰু গুৰুজনে গ্ৰন্থখনৰ এটা অসমীয়া অনুবাদ উলিয়াবৰ বাবে দিয়া উলিয়াবৰ বাবে দিয়া প্রস্তাৱ পূৰাবলৈ দিয়া প্রস্তাৱ পূৰাবলৈ এইখন কিতাপ ৰচনা কৰা হ’ল।